Back to Languages

Assamese - Chapter 85 - Al-Buruj

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Buruj 85:1

শপত বুৰূজবিশিষ্ট আকাশৰ

Verse 2 — Surah Al-Buruj 85:2

শপত প্ৰতিশ্ৰুতিকৃত দিনৰ

Verse 3 — Surah Al-Buruj 85:3

শপত দ্ৰষ্টা আৰু দৃষ্টৰ

Verse 4 — Surah Al-Buruj 85:4

অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল

Verse 5 — Surah Al-Buruj 85:5

য’ত আছিল ইন্ধনপূৰ্ণ জুই।

Verse 6 — Surah Al-Buruj 85:6

যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল

Verse 7 — Surah Al-Buruj 85:7

আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।

Verse 8 — Surah Al-Buruj 85:8

আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত

Verse 9 — Surah Al-Buruj 85:9

যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

Verse 10 — Surah Al-Buruj 85:10

নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।

Verse 11 — Surah Al-Buruj 85:11

নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।

Verse 12 — Surah Al-Buruj 85:12

নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।

Verse 13 — Surah Al-Buruj 85:13

তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়

Verse 14 — Surah Al-Buruj 85:14

নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।

Verse 15 — Surah Al-Buruj 85:15

আৰছৰ অধিপতি, সন্মানিত।

Verse 16 — Surah Al-Buruj 85:16

তেওঁ যি বিচাৰে সেইটোৱে কৰে।

Verse 17 — Surah Al-Buruj 85:17

তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহিছেনে

Verse 18 — Surah Al-Buruj 85:18

ফিৰআউনৰ আৰু ছামূদৰ।

Verse 19 — Surah Al-Buruj 85:19

তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত

Verse 20 — Surah Al-Buruj 85:20

আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।

Verse 21 — Surah Al-Buruj 85:21

প্ৰকৃততে ই সন্মানিত কোৰআন

Verse 22 — Surah Al-Buruj 85:22

সুৰক্ষিত ফলকত লিপিবদ্ধ।