Back to Languages

    Assamese - Chapter 87

    Translation by Shaykh Rafeequl Islam Habibur Rahman

    Verse 1

    তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা

    Verse 2

    যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।

    Verse 3

    আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে

    Verse 4

    আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে

    Verse 5

    তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।

    Verse 6

    অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা

    Verse 7

    কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।

    Verse 8

    আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।

    Verse 9

    এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়

    Verse 10

    উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।

    Verse 11

    আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব

    Verse 12

    সি ভয়াবহ জুইত প্ৰৱেশ কৰিব।

    Verse 13

    তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।

    Verse 14

    নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।

    Verse 15

    আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।

    Verse 16

    কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া

    Verse 17

    অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।

    Verse 18

    নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত

    Verse 19

    ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।