Back to Languages

Assamese - Chapter 93 - Ad-Duhaa

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Ad-Duhaa 93:1

পূৰ্বাহ্নৰ শপত

Verse 2 — Surah Ad-Duhaa 93:2

শপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।

Verse 3 — Surah Ad-Duhaa 93:3

তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।

Verse 4 — Surah Ad-Duhaa 93:4

নিশ্চয় তোমাৰ বাবে পৰবৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।

Verse 5 — Surah Ad-Duhaa 93:5

নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক অনুগ্ৰহ প্ৰদান কৰিব, ফলত তুমি সন্তুষ্ট হ’বা।

Verse 6 — Surah Ad-Duhaa 93:6

তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।

Verse 7 — Surah Ad-Duhaa 93:7

আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তোৱেঁই তোমাক পথনিৰ্দেশ দিছে।

Verse 8 — Surah Ad-Duhaa 93:8

আৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই অভাৱমুক্ত কৰিলে।

Verse 9 — Surah Ad-Duhaa 93:9

এতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।

Verse 10 — Surah Ad-Duhaa 93:10

আৰু ভিখাৰীক ধমক নিদিবা।

Verse 11 — Surah Ad-Duhaa 93:11

আৰু তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।