Back to Languages

    Assamese - Chapter 99

    Translation by Shaykh Rafeequl Islam Habibur Rahman

    Verse 1

    যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব

    Verse 2

    আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব

    Verse 3

    আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল

    Verse 4

    সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব

    Verse 5

    কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে

    Verse 6

    সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়

    Verse 7

    এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব।

    Verse 8

    আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব।