Back to Languages

Assamese - Chapter 69 - Al-Haqqah

Translation by Shaykh Rafeequl Islam Habibur Rahman — Permalink

Verse 1 — Surah Al-Haqqah 69:1

সেই অৱশ্যম্ভাৱী ঘটনা, (কিয়ামত)

Verse 2 — Surah Al-Haqqah 69:2

কি সেই অৱশ্যম্ভাৱী ঘটনা

Verse 3 — Surah Al-Haqqah 69:3

আৰু কিহে তোমাক জনাব সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি

Verse 4 — Surah Al-Haqqah 69:4

ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

Verse 5 — Surah Al-Haqqah 69:5

সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

Verse 6 — Surah Al-Haqqah 69:6

আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল ঠাণ্ডা প্ৰবল ধুমুহা বতাহৰ দ্বাৰা

Verse 7 — Surah Al-Haqqah 69:7

ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিন অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিচৰিত হৈ পৰি আছে যেনে সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

Verse 8 — Surah Al-Haqqah 69:8

ইয়াৰ পিছত সিহঁতৰ বাবে তুমি কিবা অৱশিষ্ট দেখিবলৈ পোৱানে

Verse 9 — Surah Al-Haqqah 69:9

আৰু ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে লগতে ওলোটাই দিয়া জনপদবাসীয়ে জঘন্য পাপ কামত লিপ্ত আছিল।

Verse 10 — Surah Al-Haqqah 69:10

আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিলে।

Verse 11 — Surah Al-Haqqah 69:11

যেতিয়া বানপানী বিপদসীমা চেৰাই গৈছিল নিশ্চয় তেতিয়া আমি তোমালোকক নাৱঁত আৰোহণ কৰাইছিলো।

Verse 12 — Surah Al-Haqqah 69:12

আমি এইটো কৰিছিলো তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এই বাবে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে।

Verse 13 — Surah Al-Haqqah 69:13

এতেকে যেতিয়া শিঙাত ফু দিয়া হ’ব—কেৱল এটা ফু।

Verse 14 — Surah Al-Haqqah 69:14

আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

Verse 15 — Surah Al-Haqqah 69:15

ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

Verse 16 — Surah Al-Haqqah 69:16

আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

Verse 17 — Surah Al-Haqqah 69:17

আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

Verse 18 — Surah Al-Haqqah 69:18

সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

Verse 19 — Surah Al-Haqqah 69:19

তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি ক’ব, ‘লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

Verse 20 — Surah Al-Haqqah 69:20

‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

Verse 21 — Surah Al-Haqqah 69:21

সেয়ে তেওঁ সন্তোষজনক জীৱন-যাপন কৰিব।

Verse 22 — Surah Al-Haqqah 69:22

সুউচ্চ জান্নাতত

Verse 23 — Surah Al-Haqqah 69:23

যাৰ ফল-মূল নিচেই ওচৰত ওলমি থাকিব।

Verse 24 — Surah Al-Haqqah 69:24

(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

Verse 25 — Surah Al-Haqqah 69:25

কিন্তু যাৰ আমলনামা বাওঁ হাতত দিয়া হ’ব সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা নিদিলেহেঁতেন’

Verse 26 — Surah Al-Haqqah 69:26

‘আৰু যদি মই নাজানিলোহেঁতেন মোৰ হিচাপ

Verse 27 — Surah Al-Haqqah 69:27

‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ চূড়ান্ত ফায়চালা হ’লেহেঁতেন

Verse 28 — Surah Al-Haqqah 69:28

‘মোৰ ধন-সম্পদ মোৰ কোনো কামত নাহিল।

Verse 29 — Surah Al-Haqqah 69:29

‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

Verse 30 — Surah Al-Haqqah 69:30

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

Verse 31 — Surah Al-Haqqah 69:31

‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

Verse 32 — Surah Al-Haqqah 69:32

তাৰ পিছত তাক বান্ধি থোৱা এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

Verse 33 — Surah Al-Haqqah 69:33

নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল

Verse 34 — Surah Al-Haqqah 69:34

আৰু মিছকিনক খাদ্যদানত উৎসাহিত কৰাও নাছিল।

Verse 35 — Surah Al-Haqqah 69:35

এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

Verse 36 — Surah Al-Haqqah 69:36

আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব

Verse 37 — Surah Al-Haqqah 69:37

যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

Verse 38 — Surah Al-Haqqah 69:38

এতেকে মই শপত কৰো সেইবোৰ বস্তুৰ যিবোৰ তোমালোকে দেখা পোৱা

Verse 39 — Surah Al-Haqqah 69:39

আৰু তাৰো শপত কৰো যিবোৰ তোমালোকে দেখা নোপোৱা

Verse 40 — Surah Al-Haqqah 69:40

নিশ্চয় এয়া (কোৰআন) এক সন্মানিত ৰাছুলৰ (বাহিত) বাণী।

Verse 41 — Surah Al-Haqqah 69:41

আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

Verse 42 — Surah Al-Haqqah 69:42

আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

Verse 43 — Surah Al-Haqqah 69:43

এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

Verse 44 — Surah Al-Haqqah 69:44

যদি তেওঁ আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন

Verse 45 — Surah Al-Haqqah 69:45

তেন্তে নিশ্চয় আমি তাক সোঁ হাতেৰে ধৰিলোহেঁতেন

Verse 46 — Surah Al-Haqqah 69:46

তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহেঁতেন

Verse 47 — Surah Al-Haqqah 69:47

এতেকে তোমালোকৰ মাজত এনে কোনো নাই, যিয়ে তাক ৰক্ষা কৰিব।

Verse 48 — Surah Al-Haqqah 69:48

আৰু এয়া (কোৰআন) তো মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

Verse 49 — Surah Al-Haqqah 69:49

আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

Verse 50 — Surah Al-Haqqah 69:50

আৰু এইটো (কোৰআন) নিশ্চয় কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ।

Verse 51 — Surah Al-Haqqah 69:51

আৰু নিশ্চয় এইটো সুনিশ্চিত সত্য।

Verse 52 — Surah Al-Haqqah 69:52

এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।